ভাৰতবৰ্ষত ইংৰাজী শাসন প্ৰৱৰ্তন হোৱাৰ পিছত তেওঁলোকৰ নিষ্ঠুৰ
শোষণত দেশৰ লোকৰ জীৱন দুৰ্বিষহ হৈ উঠিছিল৷ আনহাতে সমস্ত সামাজিক অশান্তি আৰু প্ৰজাৰ
দুৰ্বিষহ অৱস্থাৰ সুযোগ লৈ তেওঁলোকে কৌশলেৰে পূৰ্বৱৰ্তী মুছলমান শাসকসকলকে ইয়াৰ বাবে
প্ৰধান জগৰীয়া বুলি প্ৰচাৰ চলাইছিল৷ ইংৰাজ শাসকসকলৰ শাসনতন্ত্ৰৰ মূল কৌশলেই আছিল তেনেধৰণৰ
যাতে স্থানীয় জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়বোৰৰ
মাজত দীৰ্ঘদিন ধৰি থকা সৌহাৰ্দ্যপূৰ্ণ অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁলোকৰ মাজত থকা শত্ৰুতাৰ
প্ৰৱণতা বৃদ্ধি পায়৷ আন নালাগে অসমত বাংলা ভাষা প্ৰচলনক লৈ যি ধাৰণা এতিয়াও আমাৰ মাজত
গজগজীয়া হৈ আছে সি ব্ৰিটিছৰ পৰিৱৰ্তে বঙালীসকলকহে আমাৰ শত্ৰু কৰি তুলিছিল আৰু এতিয়াও
বহুতৰে মনৰ পৰা সেই বীজ নোহোৱা হোৱা নাই৷ একেদৰে ভাৰতবৰ্ষৰ সকলো দুৰ্ভাগ্য,
দুৰ্ভিক্ষ আৰু হাহাকাৰৰ একমাত্ৰ কাৰণ হিচাপে মুছলমান প্ৰশাসকসকলক দায়ী
কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যাপক হিন্দু সমাজৰ মাজত এক ক্ষোভ আৰু বৈৰিতাৰ ভাব সৃষ্টি
কৰাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল চলাইছিল৷ কানিংহামৰ ‘হিষ্ট্ৰী
অব শিখছ’, ডাফৰ ‘হিষ্ট্ৰী অব মাৰাঠাজ’
আদি গ্ৰন্থবোৰৰ মাজেৰে তেওঁলোকে এই প্ৰচাৰ তীব্ৰতৰ কৰিছিল৷ আনকি সমসাময়িক
পত্ৰিকাবোৰতো এনেধৰণৰ লেখা-মেলা প্ৰকাশিত হৈছিল আৰু নতুন শাসন
ব্যৱস্থাত ব্ৰিটিছৰ ক্ষমতাৰ ছত্ৰছায়াত থাকি নিজৰ জীৱন সমৃদ্ধ কৰা অনেক ভাৰতীয় লোকে
এনেবোৰ প্ৰচাৰত আগভাগ লৈছিল৷ ৰমেশচন্দ্ৰ মজুমদাৰৰ বাংলাদেশৰ ইতিহাস (তৃতীয় খণ্ড)ত এনে উদাহৰণ স্পষ্ট কৰাৰ বাবে তেওঁ উদ্ধৃত
কৰিছে ‘‘মুছলমানসকলৰ ৰাজত্বকালত প্ৰজাসকলে যি সমস্ত অত্যাচাৰ
আৰু পীড়া সহ্য কৰিবলগীয়া হৈছিল, আজি সেই অত্যাচাৰৰ কথা শুনিলে
হৃদয় কঁপি উঠে৷ চিৰাজদৌল্লাৰ ৰাজত্বকালৰ কথা মনত পৰিলে শৰীৰৰ শোণিত শুকাই যায়৷ সেই
সম্বন্ধত ব্ৰিটিছ ৰাজ্যক ৰাম-ৰাজ্য বুলি ক’লেও অত্যুক্তি নহ’ব৷ অত্যাচাৰৰ কথা দূৰতে থাওক,
এতিয়া কোনেও কাকো এটা উচ্চ-বাচ্য ক’বলৈ সমৰ্থ নহয়৷ প্ৰজাসকলে নিশঙ্কচিত্তে আৰু পৰম সুখেৰে ব্ৰিটিছ ৰাজ্যত কাম
কৰিছে৷ এইবোৰ বিষয় পৰ্যালোচনা কৰি চালে প্ৰতীয়মান হয় যে ভাৰতবৰ্ষৰ সৌভাগ্য সূৰ্যসম
উদয় হৈছে৷’’ বংগৰ কাকতত যিদৰে এনে মুছলমান বিৰোধী আৰু ব্ৰিটিছ
শাসনপক্ষী প্ৰবন্ধ প্ৰকাশিত হৈছিল সেইদৰে আমাৰ ৰাজ্যতো ব্ৰিটিছ শাসনৰ প্ৰশংসা কৰি লিখা
অনেক লেখা প্ৰকাশিত হৈছিল৷
এনে প্ৰচাৰে হিন্দুসকলৰ এচামৰ মাজত লাহে লাহে হিন্দুত্ববাদী
ধাৰণা গঢ় লৈ উঠাত সাৰ-পানী যোগাইছিল৷ হিন্দুত্বৰ
এই পুনৰুত্থানবাদী প্ৰৱণতাৰ মাজেৰেই আহিছিল গো-ৰক্ষাৰ আন্দোলন৷
আৰ্যসমাজৰ প্ৰতিষ্ঠাতা স্বামী দয়ানন্দই ১৮৮২ খ্ৰীষ্টাব্দত ‘‘গো
হত্যা নিবাৰণী সভা’’ স্থাপন কৰিছিল৷ কিন্তু এইখিনি সময়তে ১৮৮২
চনত অসমৰ হেমচন্দ্ৰ বৰুৱাই ‘‘ন’টছ অন মেৰেইজ
ছিষ্টেমছ অৱ দি পিপল অৱ আসাম’’ শীৰ্ষক পুথিখন ৰচনা কৰিছিল য’ত তেওঁ হিন্দুৰ বিবাহত গো-মাংস খাদ্য হিচাপে ব্যৱহাৰ
হোৱাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে৷ গো-মাংসত যে কোনো নিষেধ নাছিল
এই কথা বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতিৰে প্ৰমাণ কৰিব পাৰি যদিও আমি আধুনিক অসমৰ এগৰাকী কৃতবিদ্য
পণ্ডিতৰ কথা উল্লেখ কৰি বিষয়টো ইয়াতে সামৰিব বিচাৰিছোঁ আৰু এইটো প্ৰতিপন্ন কৰিব বিচাৰিছোঁ
যে গো-ৰক্ষাৰ বিষয়টো হিন্দু পুনৰুত্থানবাদী প্ৰৱণতাৰ সৈতেহে জড়িত,
হিন্দু ধৰ্মীয় নীতি-নিয়মৰ সৈতে নহয়৷
এতিয়া মোৰ নিজৰ কিছু অভিজ্ঞতা আৰু চিন্তা আপোনাসৱৰ সৈতে বিনিময়
কৰিব বিচাৰিছোঁ, যিবোৰ মই কেতিয়াও ভাবি
থকা নাছিলোঁ৷ কিন্তু যোৱা কিছুদিন ধৰি সমগ্ৰ ভাৰতবৰ্ষজুৰি চলা গো-মাংসৰ বিতৰ্কই মোৰ সোঁৱৰণীক জগাই তুলিছে, কিছুমান চিন্তা
মনলৈ আহিছে৷ সৰুকালত ঘৰৰ বলদ গৰুটো বুঢ়া হৈ অলৰ হোৱাৰ পিছত গোহালিতে লেটি খাই পৰি আছিল৷
এদিন গৰুটো মৰিল৷ গৰু গাড়ী এখনত চোচোৰাই টানি উঠাই লৈ আমি বাকৰিত পেলাই দিলোঁগৈ৷ চমাৰে
তাৰ চাম্ৰা কাঢ়ি নিলে৷ বৰ দুখ লাগিছিল৷ ককাদেউতাই বুজাইছিল চাম্ৰাখন কাঢ়ি নিলে সোনকালেই তাক কুকুৰ-শিয়াল-শগুণে খাই শেষ কৰিব৷ নহ’লে চৌদিশ দুৰ্গন্ধ হ’ব৷ মনে মনে আছিলোঁ৷ পিছদিনা স্কুললৈ যাওঁতে দেখিছিলোঁ এজাক শগুণৰ মেলা৷ দুদিনমান
পিছত তাত হাড়বোৰ বাদ দি একোৱেই নাছিল৷ এবাৰ আকৌ তেনেদৰে এটা হালোৱা গৰু বুঢ়া হৈ অৱশ
হৈ পৰাৰ পিছত ককাদেউতাই দেউতাক কৈছিল গৰুটো পাৰিলে মিঞাক বেচি দিব লাগিছিল৷ দুদিনমান
পিছত বাঘমাৰী অঞ্চলৰ পৰা দুটা মিঞা মানুহ আহি ঠেলি-হেঁচি গৰুটো
লৈ গৈছিলহি৷ ল’ৰালি কালত দেখিছিলোঁ গৰুবোৰে বাৰীৰ কোমল ঘাঁহ খাবলৈ
যায় বাবে সিহঁতৰ ডিঙিত এডাল ডাঙৰ কাঠ বা বাঁহ ওলোমাই দিয়া হৈছিল (ঠুঙুৰী, ডাউকা ইত্যাদি), মৰণা মাৰি
থাকোঁতে যাতে সিহঁতে আমাৰ ভাগৰ ধান খাব নোৱাৰে তাৰ বাবেও মোখোৰা বান্ধি দিয়া হৈছিল,
সিহঁতে যাতে কান্ধেৰে ভাৰ বব পাৰে আৰু কান্ধ ফাটি নাযায় তাৰ বাবে সিহঁতৰ
কান্ধৰ সোঁ বা বাওঁফালে আকন গছৰ আঠা দি এটা স্থায়ী ঘাঁ কৰি দিয়া হৈছিল, হালত বা মৈত শুলে হালোৱাই সিহঁতৰ টিকাত খুচিছিল আৰু ইচ্ছামতে কোবাইছিল আৰু
আটাইতকৈ ডাঙৰ কথা যাতে সিহঁত অনন্ত বল-বিক্রম আৰু যৌৱনৰ অধিকাৰী
হ’ব নোৱাৰে তাৰ বাবে সিহঁতক বাল্য অৱস্থাতে খাঁহী (কণী কাঢ়ি নপুংশক কৰা, (হেমকোষ) কৰা হৈছিল৷ তাৰ পিছতো আমাৰ ইচ্ছাক যাতে অমান্য কৰিব নোৱাৰে তাৰ বাবে সিহঁতৰ
নাক ফুটা কৰি নাকী লগাই দিয়া হৈছিল৷ গাই গৰুবোৰক ওহাৰত খুন্দিয়াই খুন্দিয়াই গাখীৰ উলিওৱা
হৈছিল, লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি-চাটি
গাখীৰ খিৰোৱাৰ পিছতো সামান্য উৎপাত কৰিলেই কৰিয়াৰেই (গাখীৰ খিৰোৱা
বাচন) মুখত মাৰিছিল৷ অতি হীন অৰ্থত মানুহক ‘চালা গৰু’ বুলি গালি পাৰিছিল ইত্যাদি ইত্যাদি অনেক ঘটনা
এতিয়া মনলৈ আহিছে৷ এতিয়া গুৱাহাটীবাসী ৰাইজে নিতৌ দেখিছে ৰাষ্ট্ৰীয় ঘাঁইপথত মৰি-পৰি থকা অজস্ৰ গৰু৷ কুকুৰ-শিয়ালে খাই গেলি-পচি থকা মৰা গৰুবোৰৰ বাবে প্ৰত্যেকজন ব্যক্তিয়েই সেই পথেদি গ’লে মুখত সোপা ল’ব লগা হয়৷
আমাৰ সমাজ-জীৱনত গৰু
নামৰ জন্তুবোৰৰ এয়েই হ’ল স্বাভাৱিক জীৱন-চৰ্যা৷ ইয়াৰ বাবে এই জন্তুবিধ যে আমাৰ পূজ্য তাৰ কোনো উমান কিন্তু আমাৰ স্বাভাৱিক
জীৱন-যাত্ৰাৰ মাজত নাই৷ আমাৰ আৰ্থিক উন্নতিৰ হকে তাক মাৰি-ধৰি ব্যৱহাৰ কৰা আৰু অলৰ হ’লে তাক বেচি দিয়া বা মৰিলে
বাটৰ কাষত চোচোৰাই নি পেলাই থৈ অহাটোৱেই হ’ল গৰুৰ প্ৰতি আমি দৈনন্দিন
কৰি থকা ব্যৱহাৰ৷ অৱশ্যে ছটা ভৰি বা দুটা মূৰ বা পেটেদি ভৰি ওলোৱা বিকলাংগ গৰুক একোখন
মিনি ট্ৰাকত সেন্দূৰ আাদি ঘঁহি দি হিন্দী গীত লগাই ঘূৰি ফুৰা কিছুমান অনা-অসমীয়া লোকক আমি চহৰৰ ৰাজপথত মাজে মাজে দেখোঁ৷ দেখিলে দুই-একৰ ভক্তি উথলি উঠে, পা-পইচা দি
সেৱা কৰে৷ পৰিয়ালটো তেনেকৈয়ে চলি থাকে৷ তাতো আমাৰ কিছুমান উতনুৱা ডেকাৰ চকু৷ লপা-থপা দি দিনটো গোটোৱা ধন-বিতকেইটা সন্ধিয়া মদ খাবলৈ লৈ
যায়৷ তেনেদৰে ভূতৰ ওপৰত দানহ ওলালে তেওঁলোকে চহৰ এৰি আন ঠাইলৈ যায়গৈ৷ তাৰ বাদে গৰুক
সঁচা অৰ্থত পূজা কৰা লোক সমাজত খুব কমেইহে আছে, মেলা পতাৰ কথা
অৱশ্যে সুকীয়া৷
আটাইকৈ ডাঙৰ কথাটো হ’ল এইটোহে যে আমাৰ মুছলমান ভাইসকলেও গৰু পোহে, প্ৰতিপাল
কৰে আৰু হিন্দুসকলৰ দৰেই নিজৰ উন্নতিৰ অৰ্থে এই প্ৰাণীটোক খটুৱায়৷ বাকী সকলো কথাতে
গৰুৰ প্ৰতি হিন্দু আৰু মুছলমানৰ ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই; মাত্ৰ তেওঁলোকে গৰুৰ মঙহ খায়, হিন্দুসকলে নাখায়
(লুকাই-চুৰকৈ দুই-একে খায়)৷ নিশ্চিতভাৱেই যদি গৰু এটা লুপ্তপ্ৰায় প্ৰজাতি (endanger specice)
হ’লহেঁতেন তেতিয়া হ’লে ৰাষ্ট্ৰই
কঠোৰ নিয়ম বান্ধি গো ৰক্ষাৰ ব্যৱস্থা কৰিব নালাগিলহেঁতেন আৰু তেতিয়া ধৰ্ম নিৰপেক্ষ
ৰাষ্ট্ৰ হিচাপে আমি আনকি ধৰ্মীয় কাৰণতো গো-হত্যা কৰাটো সৰ্বাত্মকভাৱে
বিৰোধিতা কৰিলোঁহেঁতেন৷ কিন্তু গৰু লুপ্তপ্ৰায় প্ৰাণী নহয়, এতেকে
ই অভক্ষণীয়ও নহয়৷ যিসকলে তাক ভক্ষণীয় বুলি ভাবে তেওঁলোকে তাক গ্ৰহণ কৰিব পাৰে৷ অভক্ষণীয়
বুলি ভবাসকলে এই লৈ বিতৰ্ক কৰাৰ কোনো সকাম থাকিব নালাগে৷
এই কথাখিনি যে আমাৰ চৰকাৰ বা বিজেপিৰ নেতাসকলে নাজানে তেনে নহয়, তেওঁলোকে এইখিনি কথা ভালদৰে জানে আৰু এইটোও
জানে যে কেন্দ্ৰীয় আইন কৰি মানুহৰ খাদ্যাভ্যাস সলাব নোৱাৰে৷ তদুপৰি দেশৰ ৰাজ্যে ৰাজ্যে
ইয়াৰ বিৰোধিতা কৰি বিফ ফেষ্টিভেলৰ আয়োজন, বিধান সভাত আলোচনাত
বহাৰ আগতে গৰু মাংসৰে ব্ৰেকফাষ্ট পৰিৱেশন আদি ঘটনাবোৰে ‘মোদী’
কথাও যে মানুহে তীব্ৰভাৱে বিৰোধিতা কৰিব পাৰে তাকে বুজোৱা নাই জানো?
তথাপিও মোদী ডাঙৰীয়াই এনেবোৰ বিতৰ্ক কিয় চলিবলৈ দিছে? মোদীক সৰ্বতোকালৰ শক্তিমন্ত প্ৰধানমন্ত্ৰী বুলি ভবাসকলেও জানে আৰু মোদীয়ে নিজেও
জানে যে তেওঁ হঠাতে দেশৰ পৰা ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোট নোহোৱা কৰা দি গো-হত্যা আৰু গো-ভক্ষণ বন্ধ কৰিব নোৱাৰে৷ ইয়াত তেওঁৰ দম্ভালি
আৰু শক্তিয়ে কাম নিদিয়ে, তথাপি এনে আইন প্ৰণয়ন কৰি তেওঁলোকে বিতৰ্ক চলিবলৈ দিছে৷ আচলতে মোদীৰ বিমুদ্ৰাকৰণৰ
বিফলতা, ক’লা ধন ঘূৰাই অনাৰ বিফলতা,
লাখে লাখে চাকৰি সৃষ্টি কৰাৰ বিফলতা, বাংলাদেশী
বিতাৰণৰ বিফলতা, কাশ্মীৰ সীমান্তৰ বিফলতা এই সকলোবোৰ বিফলতা ঢাকিবলৈ
এওঁলোকে এনেধৰণৰ সাম্প্ৰদায়িক অস্ত্ৰবোৰকে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিছে৷ জি.এচ.টি. (GST) বিৰোধী মোদীয়ে আজি
জি.এচ.টি. ন্যস্ত
কৰিলে, এফ.ডি.আই.
(FDI) বিৰোধী মোদীয়ে ফৰেইন ডাইৰেক্ট্ ইনভেষ্টমেণ্ট্ক, ফাষ্ট ডেভেলপ ইণ্ডিয়া বুলি বিদেশী পুঁজিক স্বাগতম
জনালে এনেবোৰ ফাঁকিবাজী আৰু প্ৰবঞ্চনামূলক কথা যাতে ৰাইজে পাহৰি ধৰ্মীয় আৰু সাম্প্ৰদায়িক
কথাবোৰতে লাগি থাকে সেইটোৱেই হ’ল এনেবোৰ বিতৰ্কিত সিদ্ধান্ত লোৱাৰ
মূল উদ্দেশ্য গো-ৰক্ষাৰ আন্দোলনত ব্যস্ত কৰি মানুহক অধিকাৰৰ আন্দোলনৰ
পৰা আঁতৰাই ৰখাৰ এক কৌশল আমি বুজিব লাগিব আৰু মানুহৰ অধিকাৰৰ প্ৰবোৰ সম্পৰ্কে শক্তিশালী
আৱাজ উঠাব লাগিব৷