ৰহাৰ নাৰকীয় ঘটনা : প্ৰত্যাহ্বানৰ সন্মুখত গণতন্ত্ৰ

ভাৰতীয় জনতা পাৰ্টিয়ে সংসদীয় নিৰ্বাচনৰ পৰা বিধানসভা নিৰ্বাচনৰ এই সময়ছোৱাৰ ভিতৰতে তেওঁলোকৰ প্ৰতাৰণামূলক চৰিত্ৰক অতি পৰিকপ্লিতভাৱে নিৰ্লজ্জ ৰূপত তুলি ধৰিছিল৷ তদুপৰি ঐতিহাসিকভাৱেই তেওঁলোকৰ মাজত থকা কিছুমান প্ৰৱণতা আঞ্চলিক স্বাৰ্থৰ সপক্ষে নাছিল, ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ সপক্ষেও নাছিল৷ অৰ্থনৈতিকভাৱে তেওঁলোক আছিল সম্পূৰ্ণ বনিয়া নিৰ্ভৰ দল৷ পাঁচ বছৰ কেন্দ্ৰত শাসনত অধিস্থিত হৈ থকা কালত অসমৰ সীমা সমস্যা, বাংলাদেশী চিনাক্ত আৰু বহিস্কৰণ, এন. আৰ. চি. উন্নীতকৰণ আদি কোনো এটা বিষয়তে কোনো সবল আৰু সঠিক পদক্ষেপ গ্ৰহণ নকৰি (কিবা কৰিছিল যদিও অসমৰ ৰাইজে নাজানে) তেওঁলোকে অসমক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছিল৷ শেহতীয়া অসম বিধানসভাৰ নিৰ্বাচনত এই প্ৰতাৰক দলটোৰ সৈতে অগপৰ দৰে প্ৰতাৰকৰ দলো লগ লাগিছিল৷ তেওঁলোকেও জাতি-মাটিৰ নামত বহুকাল অসমবাসীক প্ৰতাৰণা কৰিছে৷ তদুপৰি একামাত্ৰ ক্ষমতাৰ স্বাৰ্থতে কংগ্ৰেছৰ পৰা আহি ৰাতাৰাতি বিজেপিত সোমাই কংগ্ৰেছৰ শ্ৰাদ্ধ কৰি, মোদীস্তুতিত বিভোৰ হোৱা সকলো যে একো একোজন সিদ্ধ প্ৰতাৰক সেই কথাও নতুনকৈ ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই৷ সেইবাবেই অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব বুলি জানিও আমি ৰাইজক শেষ আহ্বান জনাইছিলোঁ৷ আমি দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছৰ বিপৰীতে যে এক পৰিৱৰ্তনৰ প্ৰয়োজন সেইটোও বুজিছিলোঁ আৰু বহু আগৰে পৰা তৃতীয় বিকপ্লৰ আহ্বান জনাইছিলোঁ৷ আমাৰ আহ্বানে তৎকালীনভাৱে ৰাইজৰ হৃদয় জিনি বিপেজিক ধূলিস্যাৎ কৰিব বুলি আমি সমূলি আশা কৰা নাছিলোঁ, কিন্তু এক নিশ্চিত বিপদৰ সম্ভাৱনা সম্পৰ্কে ৰাইজক সকিয়াই থোৱাটো এক অনিবাৰ্য দায়িত্ব বুলি অনুভৱ কৰিছিলোঁ৷
চৰকাৰ গঠন কৰিয়েই এওঁলোকে তৈলক্ষেত্ৰৰ নিলাম, হিন্দু শৰনাৰ্থী আদি বিষয়বোৰতহে অধিক মনোনিৱেশ কৰিলে৷ তেওঁলোকৰ প্ৰতাৰণাৰ কি নিদৰ্শন? বোলে শালকে মিৰিকাই হাঁহে৷ তৈলক্ষেত্ৰৰ নিলামৰ কথা সহযোগী দলেই নাজানিলে আমি অৱশ্যে কাকততহে পঢ়িছোঁ, ভিতৰি কি চলিছে তাৰ ভেদ পোৱা নাই৷ কিন্তু বাহিৰত সহযোগী দলৰ অসন্তুষ্টি প্ৰকাশ পাইছে৷ তথাপি বিয়োগে বিয়োগে যোগ হোৱাৰ দৰে কিবাকিবি কাৰণত সকলোবোৰ প্ৰতাৰকে একেখন নাৱৰে যাত্ৰী হিচাপে বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাই যাব তাত কোনো সন্দেহ নাই৷ এওঁলোকৰ প্ৰতাৰণাৰ চূড়ান্ত নমুনা ৰহাত এইমছ নিৰ্মাণ নকৰাৰ সিদ্ধান্ত৷ ৰহাৰ ৰাইজৰ আন্দোলনক আৱেগিক বুলি ক’ব খোজাসকলেও ভালদৰে চালে দেখিব যে ৰহাৰ ৰাইজে কোনোদিন আৱেগিক হৈ এইমছে হওক বা আন কিবাৰ বাবেই হওক এনে মাৰমুখী আন্দোলন গঢ়ি তোলা নাছিল৷ তেওঁলোকক আন্দোলনমুখী কৰিছে প্ৰতাৰণাই এইমছে নহয়৷ এই সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ কথাৰ অনুসন্ধান কৰাটো জৰুৰী : (১) এইমছখন ৰহাত হ’ব বুলি ঘোষণা কৰাৰ আগতে কোনোবা উচ্চস্তৰীয় সমিতিয়ে (কেবিনেট বা তেনেধৰণৰ) সিদ্ধান্ত লৈছিলনে? (২) ৰহাত নহ’ব বুলি তেনে সিদ্ধান্ত তেনে উচ্চস্তৰীয় সমিতিয়ে লৈছিলনে? (৩) চাংসাৰিৰ নল তল যোৱা পিটনিডৰাত যে এইমছখন হ’ব এই সিদ্ধান্ত তেনে সমিতিত লোৱা হৈছিলনে? (৪) চৰকাৰৰ সহযোগী দলবোৰে চৰকাৰৰ এনে সিদ্ধান্তৰ কথা জানেনে? (৫) স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই ঘটনাৰাজি সম্পৰ্কে এক যথাযথ ব্যাখ্যা আগবঢ়াব পৰা অৱস্থাত আছেনে? এইবোৰ হ’ল এই সিদ্ধান্তৰ গণতান্ত্ৰিক চৰিত্ৰ বা বৈধতা সম্পৰ্কে থকা কেতবোৰ অতি সংগত প্ৰ৷ যদিহে এই চাৰিটা প্ৰৰ যথাযথ উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে তেনেহ’লে চাংসাৰিত এইমছ পতাৰ আৰু ৰহাত নপতাৰ আঁৰৰ সকলো কথা ব্যাখ্যা কৰি তেখেতে এটা দীঘলীয়া বিবৃতি দিব লাগিছিল৷ অন্ততঃ জ্যেষ্ঠ নাগৰিকৰ আমৰণ অনশনৰ পৰা মিণ্টু দেউৰীক গুলিয়াই মৰালৈকে তেওঁ যথেষ্ট সময় পাইছিল৷ স্বচ্ছতাৰ ধ্বনি দিয়া চৰকাৰৰ এনে অস্বচ্ছতাৰ আচৰণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ আন কেতবোৰ কথাও এইক্ষেত্ৰত বিবেচনাৰ যোগ্য৷
(১) এনে এক বিতৰ্ক সন্মুখলৈ অনা হৈছে যে বিমান বন্দৰ আৰু অন্যান্য অত্যাধুনিক সুবিধা নথকাৰ বাবেহে এই সিদ্ধান্ত লোৱা হৈছে৷ কিন্তু পৃথিৱীৰ কোনো ঠাইতেই পোনতে সকলো সুবিধা গঢ়ি তুলি তাৰ পিছত অনুষ্ঠান কৰাৰ নীতি নাই৷ প্ৰয়োজন হ’লে এইমছৰ সুবিধাৰ বাবে নতুন ব্যৱস্থা গঢ়ি তুলিব লাগিব৷ দুই-এজন অভিযন্তাই কৈছে চাংসাৰি পিটনিত এইমছৰ বাবে সংযোগী পথ বনাওঁতে আৰু পিটনি পোতোঁতে যিমান টকা যাব তাৰে ৰহাত নিৰ্বাচিত স্থানৰ কাষত সুন্দৰ হেলিপেড বা সৰু বিমান নামিব পৰা বিমান ঘাটিয়েই সাজিব পৰা যাব৷ কথাটো নিশ্চয় ভাবিবলগীয়া৷
(২) চৰকাৰৰ ঠিকা-ঠুকুলি কৰাসকলে ভালদৰে জানে যে যি কোনো Construction Workত যদি পিটনি পুতিব লাগে তেনেহ’লে সেই কথাটোত কিছুমান চৰকাৰী অভিযন্তাই বা বিষয়াই বৰ বেছি গুৰুত্ব দিয়ে৷ পানীৰ তলৰ হিচাপ- একেবাৰে পানীৰ তলৰ কাঁইটৰ দৰে৷ এতেকে পিটনিত যিমান মাটি পৰে, তাৰ তিনিগুণ মাটিৰ টকাৰে পকেট ভৰে৷ গতিকে পিটনি নিৰ্বাচনৰ পিছফালে পিটনিও পুতিম, মুনাফাও লুটিম ধৰণৰ মতলব এটা থকাৰ কথাও বহু জ্যেষ্ঠ আৰু বিশেষজ্ঞ লোকে কয় তেওঁলোক কোনোবা চকুচৰহাও হ’ব পাৰে, আমি মাত্ৰ শুনা কথাখিনিহে ৰাইজৰ বাবে মুকলি কৰি দিলোঁ৷
(৩) প্ৰতিদিন কাকতত প্ৰকাশ মহন্ত ডাঙৰীয়াই চৰজমিন তদন্ত কৰি কৈছে যে পিটনিখন আছে সেনাৰ ছাউনিৰ কাষত, ওচৰতে সেনাই মিছাইল স্থাপনৰ বাবে ক্ষিপ্ৰতাৰে নিৰ্মাণ কাৰ্য চলাই আছে৷ কাষতে পৰমাণু কেন্দ্ৰও হোৱাৰ কথা৷ মহন্তই আদি যামলৰ কথাৰ সম্ভাৱনা দেখুৱাই কৈছে যে ব্ৰহ্মপুত্ৰ সেইফালে ব’ব পাৰে৷ আামি আদি যামলৰ কথা বাৰু বাদেই দিলোঁ, কিন্তু ব্ৰহ্মপুত্ৰৰ বানৰ পৰা সুৰক্ষাৰ দিশটোও নিশ্চয় এই ক্ষেত্ৰত বিচাৰ্য৷ এই সকলোবোৰ নিৰ্মাণ সংক্রান্তীয় দিশ পুংখানুপুংখভাৱে বিবেচনা কৰা হৈছিলনে? সিও নিশ্চয় এক সংগত প্ৰশ্ন৷
(৪) বহুতে কৈছে আচলতে এইমছখন চাংসাৰিত পাতিবলৈ স্বাস্থ্যমন্ত্ৰী আগৰেই পৰাই দৃঢ়সংকপ্লবদ্ধ হৈ আছিল৷ সমষ্টিৰ মাটিৰ দাম বাঢ়িব, তেওঁৰ সংগোপাংগসকলে মাটিৰ দাম পাব, কামৰ ঠিকা পাব, ভৱিষ্যতৰ সৰু-সুৰা ব্যৱসায়ৰ সুবিধা ওলাব মুঠতে সমষ্টিটোৰ উঠি অহা যুৱ-সমাজ সদায় তেওঁৰ প্ৰতি গদ্‌গদ্‌ হৈ থাকিব৷ এনে সোণালী সুযোগ তেওঁ কোনো কাৰণতে হেৰুৱাব নোখোজে৷ সেয়েহে তেওঁ যে সমষ্টিৰ স্বাৰ্থৰ বাবে পৰিমৰা হৈ থকা নাই তাকে প্ৰমাণ কৰিবলৈ ৰহাত স্থান ঘোষণা কৰা হ’ল সকলোৱে ভাবিলে আমাৰ স্বাস্থ্যমন্ত্ৰী সঁচাকৈয়ে মহান, সমদৃষ্টিসম্পন্ন বিচক্ষণ লোক৷ পৰিশেষত তেওঁ বিচক্ষণতাৰ উৎকৃষ্ট প্ৰমাণ দাঙি ধৰি নানান অজুহাত দেখুৱাই নিজৰ সংকপ্ল পূৰ কৰিলে৷
(৫) বিমান বন্দৰৰ অজুহাত দেখুৱা এজনে কৈছে গুৱাহাটীত নামি গাড়ীৰে ডাক্তৰ বা ঔষধ পোৱালৈকে ৰহাত ৰোগী মৰিব৷ আন এজনে কৈছে বিমান বন্দৰৰ পৰা জালুকবাৰীৰ ভিৰ ঠেলি চাংসাৰি পাবলৈকো কম সময় নালাগে, তাতকৈ বিমান বন্দৰৰ গাতে লাগি থকা বহু মাটি আছে তাত পাতিলে অন্ততঃ ডাক্তৰ আৰু ঔষধ গৈ নোপোৱাৰ অজুহাতত এটাও ৰোগী নমৰিব৷ অৰ্থহীন কথাৰে ৰাইজক প্ৰতাৰণা কৰিব খোজা মন্ত্ৰী, বিষয়াসকলে সাধাৰণ ৰাইজৰ এনেবোৰ যুক্তিও ধৈৰ্যৰে শুনাৰ অভ্যাস কৰা ভাল৷
মুঠতে ৰহাৰ ঘটনা এক নিৰ্লজ্জ প্ৰতাৰণা৷ চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰৰোচনাৰ বাবে আন্দোলন হ’ল আৰু ডেৰমহীয়া জনপ্ৰিয় চৰকাৰখনৰ জনপ্ৰিয় নেতা হিচাপে সৰ্বানন্দ ডাঙৰীয়াৰ পিঠিত এক কলংকৰ চাব পৰিল৷ এতিয়ালৈকে চৰকাৰে নিজৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই৷ কেবল শোক প্ৰকাশ কৰিলেই সকলো শেষ নহয়৷ চাপৰিলে মেঘ আঁতৰি নাযায়৷ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই এই গোটেই ঘটনাটোৰ এক পুংখানুপুংখ  ব্যাখ্যা বিচৰা উচিত? মই পুনৰবাৰ কওঁ এই সকলোবোৰ কথাৰ যথাযথ উত্তৰ মুখ্যমন্ত্ৰীৰ হাততথকা উচিত৷ ইয়াৰ এক পতিয়নযোগ্য উত্তৰ আৰু বিশ্বাসযোগ্য ব্যাখ্যা তেওঁ যোগাৰ কৰিব নোৱাৰিলে তেওঁৰ নিজৰ বাবেই বিপদ ঘনীভূত হৈ পৰিব কথাটো সময় থাকোঁতে উপলব্ধি কৰাটো তেওঁৰ বাবে মংগলজনক৷