মাৰ্কিনমাৰ্কা উন্নয়ন আৰু কিছুমান ঘৃণনীয় সত্য

‘সময় আৰু সংকেত’ আমাৰ নিজা শিতান। এই শিতানতে দৈনিক জনমভূমিত আমি দীৰ্ঘকাল ৰাজনৈতিক-সামাজিক কথাবোৰ পাঠকৰ সৈতে বিনিময় কৰিছিলোঁ। জনভূমিত লিখিবলৈ এৰাৰ পিছত বিভিন্ন কাৰণত নিয়মীয়াকৈ কোনো কাকততে শিতানটো আৰম্ভ কৰা নাছিলোঁ। এইবাৰ খবৰৰ পাতত পুনৰ ‘সময় আৰু সংকেত’ আৰম্ভ কৰিছোঁ। ইয়াত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন বিষয় থাকিব; তাৰ বিচাৰ হ’ব সময়ৰ প্ৰেক্ষাপটত আৰু তাত এক সংকেত থাকিব। প্ৰিয় পাঠকসকল! আহকচোন আমি প্ৰথমতে চাওঁ পৃথিৱীৰ শ্ৰেষ্ঠত্বম শক্তি আমাৰ সকলোৰে সপোনৰ আমেৰিকাখনলৈ।
ভাৰতীয় বুলিয়েই নহয় তৃতীয় বিশ্বৰ দেশবিলাকৰ মানুহৰ বাবে আমেৰিকা সঁচাই এখন সপোনৰ দেশ। প্ৰায়বোৰ ৰাষ্ট্ৰৰে উন্নতিৰ আৰ্হি বা মডেল হ’ল আমেৰিকা। শেহতীয়াভাৱে ভাৰতবৰ্ষতো আমেৰিকামুখী চিন্তা-চৰ্চাৰ প্ৰকোপ চৰিছে। ক’ৰ্পৰেটমাৰ্কা অৰ্থনীতিয়ে তাৰ ভিত্তি বহল আৰু শক্তিশালী কৰি লোৱাৰ লগে লগে মাৰ্কিনমাৰ্কা উন্নতিৰ স্বপ্নই আমাৰ শাসনতন্ত্ৰকো বলিয়া কৰি তুলিছে আৰু স্বাভাৱিকভাৱেই অতি কৌশলগত প্ৰচাৰ প্ৰক্ৰিয়াৰ মাজেৰে সেই বলিয়ালিয়ে দেশৰ সাধাৰণ মানুহৰ মন-মগজুও সমানে আক্ৰান্ত কৰিছে। এই প্ৰসংগতে আমি এটা কথা অনুভৱ কৰা উচিত যে– আমি সকলোৰে একোখন গাড়ী থাকক বুলি ভাবিলে তাৰ বাবে আমাৰ ৰাস্তাবোৰো বহল কৰিব লাগিব, একেদৰে ৰাস্তা বহল কৰিলে আমাৰ কিছুমানৰ মাটি-ভেটি হেৰুৱাব লাগিব। অৰ্থাৎ বিকাশৰ এটা প্ৰক্ৰিয়াৰ সৈতে আন এটা পৰিণতি নিৰ্ঘাতভাৱে জড়িত হৈ থাকে– লাগিলে সি ইতিবাচকেই হওক বা নেতিবাচকেই হওক। ফ্লাই অভাৰ হ’লে তাৰ ওচৰে-পাজৰে থকা দোকান আৰু ঘৰবোৰ তলত পৰিব, তেওঁলোকৰ ব্যৱসায় প্ৰত্যাহ্বানৰ মুখামুখি হ’ব, ফ্লাই অভাৰৰ তলত কিছুমান অঘৰী ধৰণৰ মানুহ থাকিবই– এই সকলো কথা বাদ দি এখন ফ্লাই অভাৰৰ ৰংচঙীয়া ৰূপটো দেখি তাৰ ওপৰত থিয় হৈ চেলফি তোলাৰ কথা ভাবিলে নিশ্চয় আমাৰ এক বেছ স্ফূৰ্তিদায়ক মুহূৰ্তৰ কথাই মনলৈ আহিব। কিন্তু কোনোবাই আনন্দ পালেও এই ফ্লাই অভাৰবোৰে বহুতৰে জীৱন সংগ্ৰামৰ গতি সলনি কৰি দিবই।
সেয়েহে উন্নয়নৰ স্বপ্ন কিমান পৰিমাণে জনহিতকৰ আৰু কিমান পৰিমাণে লাভদায়ক তাৰ যথাৰ্থ বিচাৰ-বিশ্লেষণ মানৱ সভ্যতাৰ শান্তি, নিৰাপত্তা আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে অত্যন্ত অপৰিহাৰ্য। কিন্তু সম্প্ৰতি উন্নয়নৰ আশী শতাংশ লক্ষ্য কৰ্প’ৰেটৰ স্বাৰ্থ পূৰণ আৰু বিশ শতাংশহে মাত্ৰ জনহিতকৰ। কিন্তু অতি কৌশলগতভাৱে এই কথাটোকেই ওলোটাই প্ৰচাৰ কৰি জনগণৰ লাভালাভৰ পৰিমাণটো আশী শতাংশৰো অধিক বুলি প্ৰমাণ কৰা হয়, তাৰ ভিতৰত থকা কৰ্প’ৰেট স্বাৰ্থৰ কথাটোও কৌশলগতভাৱেই লুকুৱাই থোৱা হয়। সেইবাবেই দেখা যায় প্ৰতিখন চৰকাৰে অজস্ৰ জনহিতকৰ আঁচনি লয়, কিন্তু জনগণৰ অৱস্থা একেই থাকে; ধনী-দুখীয়াৰ ব্যৱধান ক্ৰমে বাঢ়ি যায়। তথাপি আজি ভাৰতবৰ্ষৰ অৱস্থা এনে হৈছেগৈ যে ভাৰতীয় জনতাক একটকীয়া চাউল, তিনিটকীয়া চাউল দিয়াৰ ব্যৱস্থা হৈছে, পাঁচ টকাত ভাত খুওৱাৰ ব্যৱস্থা হৈছে। অৰ্থাৎ উন্নতি আৰু জনহিতকৰ আঁচনি বা কামৰ নামত ভাৰতৰ স্বাধীনতাৰ ছটামান দশকৰ পিছত এচাম সম্পূৰ্ণভাৱে ভিক্ষাৰী আৰু পৰমুখাপেখী মনোভাবৰ মানুহ তৈয়াৰ কৰাৰ ব্যৱস্থা কৰা হ’ল। অথচ স্বাধীনতাৰ পৰৱৰ্তী এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্ভিক্ষক বাদ দি নাখাই হাজাৰ হাজাৰ মানুহ মৰাৰ কোনো নজিৰ নাই। তেনেহ’লে এনেদৰে মানুহক কাম বা কৰ্মৰ সুযোগ প্ৰদান কৰা বা তাৰ বাবে উপযুক্ত স্পেছ (space) দিয়াৰ পৰিৱৰ্তে ওপৰৰ পৰা এনেদৰে খাদ্যৰ যোগান ধৰা নীতিৰ পিছফালে এচান উদ্যমহীন এলেহুৱাৰ জন্ম দিয়াৰ মতলবী ৰাজনীতি থাকিব পাৰে নেকি? এই উদ্যমহীন লোকসকলৰ হাজাৰ হাজাৰ বিঘা অনাবাদী মাটি কৰ্প’ৰেট গোষ্ঠীৰ হাতলৈ গুচি যাব পাৰে নেকি? তেনে কৰ্প’ৰেটবোৰৰ কমদামী শ্ৰমিক বনোৱাৰ বাবেই বাৰু এওঁলোকক এইদৰে পৰমুখাপেখী কৰি তোলাৰ ব্যৱস্থা কৰা হয় নেকি? – ইত্যাদি অজস্ৰ প্ৰশ্ন নিশ্চয় এনে জনতোষিণী বা জনমোহিনী নীতিবোৰৰ পিছফালে লুকাই থাকিব পাৰে। কাৰণ তৃতীয় বিশ্বৰ জনকল্যাণমুখী আঁচনি বুলিলেই আমাৰ ভয় হয় যে এনে আঁচনি আমেৰিকাৰ স্বাৰ্থ পূৰণৰ বাবেই লোৱা হোৱা নাইতো?
‘কনফেচনচ্ অব এন ইকনমিক হিটমেন’ (Confessions of an Economic Hitman : John Perkins) নামৰ গ্ৰন্থখনত (গ্ৰন্থখন ড° হীৰেন গোহাঁই সম্পাদিত ‘নতুন পদাতিক’ত ছোৱা ছোৱাকৈ অনূদিত ৰূপত প্ৰকাশ পাইছে) আমেৰিকান লেখক জন পাৰকিন্সে অতি স্পষ্ট ভাষাৰে দেখুৱাইছে যে আমেৰিকাই তৃতীয় বিশ্বৰ অৰ্থনীতিক ধ্বংস কৰাৰ বাবে কেতবোৰ অৰ্থনৈতিক বিশেষজ্ঞ নিয়োগ কৰে আৰু তেনে বিশেষজ্ঞই আচলতে উন্নয়নৰ বৰ বৰ স্বপ্নৰ পৰিসংখ্যাৰে পৰিপুষ্ট উন্নয়নৰ আঁচনি দাঙি ধৰি তাৰ অন্তৰালত তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰে আৰু তেনে আঁচনি গ্ৰহণ কৰিবলৈ বিভিন্ন ধৰণে তৃতীয় বিশ্বৰ চৰকাৰবোৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। এই প্ৰসংগত পাৰ্কিন্সে নিজেই কৈছে যে–
‘‘বৃহৎ আভিযান্ত্ৰিক আৰু নিৰ্মাণ কাৰ্যৰ লগত জড়িত প্ৰকল্পসমূহৰ দ্বাৰা MAIN তথা বেকটেল, হেল্লিবাৰ্টান, ষ্টোন এণ্ড ৱেবষ্টাৰ আৰু ব্ৰাউন এণ্ড ৰুট আদিৰ দৰে অন্যান্য মাৰ্কিন কোম্পানীসমূহলৈ বিত্তৰ সৰবৰাহ হোৱাৰ স্বাৰ্থত বৃহৎ আন্তঃৰাষ্ট্ৰীয় ঋণ লোৱাটো যুক্তিসম্পন্ন বুলি প্ৰতিপন্ন কৰিছিলোঁ। দ্বিতীয়তে, MAIN আৰু অন্যান্য মাৰ্কিন ঠিকাদাৰী কোম্পানীসমূহক ঋণ পৰিশোধ কৰাৰ পিছতেই সেই ঋণ লোৱা দেশসমূহক দেউলীয়া অৱস্থালৈ লৈ গৈছিলোঁ যাতে সেই দেশসমূহ সিহঁতৰ ঋণদাতাৰ সন্মুখত সদায় নতশিৰ হৈ থাকে। আৰু আমি বিচৰাৰ লগে লগে আমাৰ সেনাবাহিনীৰ চাউনী প্ৰতিষ্ঠাৰ পৰা ধৰি ৰাষ্ট্ৰসংঘত আমাক ভোট দিয়া আৰু তেল তথা অন্যান্য প্ৰাকৃতিক সম্পদসমূহৰ লগত জড়িত যিকোনো সুবিধাৰ বাবে তেওঁলোকক সহজলভ্য ঘাটি হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে সুবিধা প্ৰদান কৰে।’’ গতিকে আমাৰ দেশৰ বিভিন্ন উন্নয়নমূলক আঁচনিবোৰৰ পিছফালেও যে এনেধৰণৰ ইকনমিক হিটমেনৰ পৰিকল্পনা নাই সেই কথা বুকুত হাত দি কোৱাটো টান।
প্ৰিয় পাঠকসকলক মই এই কথাটোহে দেখুৱাব খুজিছোঁ যে বিকাশ আৰু উন্নয়ন বুলি ক’লেই আমি যিখন ৰাষ্ট্ৰৰ কথা কওঁ সেই আমেৰিকা মুলুকত বাৰু জনগণৰ শান্তি আৰু নিৰাপত্তা কিমান• এই কাৰণেই এই কথাটো জনা দৰকাৰ কাৰণ আমি আমেৰিকান মডেল মতে উন্নয়ন কৰিম আৰু ভূটানৰ দৰে শান্তিত জিৰণি ল’ম সেইটো কেতিয়াও হ’ব নোৱাৰে। সেয়েহে আমি যি স্তৰলৈ যোৱাৰ সপোন দেখিছোঁ সেই স্তৰত ইতিমধ্যে থকা আমাৰ সপোনৰ দেশখনৰ এক বাস্তৱ ছবিও আমি চোৱা দৰকাৰ। সেইবাবেই আমি মাইকেল পেৰাণ্টিয়ে লিখা ‘ডাৰ্টি ট্ৰুথ’ (Dirty Truths : Michael Parenti) শীৰ্ষক গ্ৰন্থখনৰ পৰা কেইটামান পৰিসংখ্যা দাঙি ধৰিব বিচাৰিছোঁ।
আমাৰ সপোনাৰ দেশ আমেৰিকাত যিকোনো এটা বছৰত–
  • ২৭,০০০ ব্যক্তিয়ে আত্মহত্যা কৰে, ৫,০০০ তকৈয়ো অধিক লোকে আত্মহত্যা কৰিবলৈ চেষ্টা কৰে।
  • ২৬,০০০ তকৈয়ো অধিক লোক ঘৰৰ ভিতৰত সংঘটিত মাৰাত্মক দুৰ্ঘটনাত পতিত হয়, ২৩,০০০ লোকক হত্যা কৰা হয়।
  • ৮৫,০০০ লোক আগ্নেয়াঅস্ত্ৰৰ দ্বাৰা জখমী হয়। তাৰে ৩৮,০০০ লোকৰ মৃত্যু হয়, যাৰ ভিতৰত ২,৬০০ শিশু।
  • ১৩,০০০,০০০ লোক অপৰাধৰ বলি হয়, যাৰ ভিতৰত শাৰীৰিকভাৱে প্ৰহাৰ, ধৰ্ষণ, অস্ত্ৰৰ চোৰাং কাৰবাৰ আদি অন্তৰ্ভুক্ত।
  • ১৩৫,০০০ ল’ৰা-ছোৱালীয়ে স্কুললৈ গ’লে লগত বন্দুক লৈ যায়।
  • ১২৫,০০০ অপ্ৰাপ্তবয়স্ক লোকে মাদক দ্ৰব্য সেৱন কৰি মৃত্যুক সাৱটি লয়।
  • ৪৩৭,০০০ অপ্ৰাপ্তবয়স্ক লোক ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰি অসুস্থ হয়, ৫৩,০০০ লোক যিবোৰে চিগাৰেট সেৱন নকৰে তেওঁলোকে চিগাৰেট সেৱনকাৰী লোকৰ দ্বাৰা আক্ৰান্ত হয়।
  • ৬,৫০০,০০০ লোকে হিৰোইন, কোকেইন, পিচিপি আদি নিচাজাতীয় দ্ৰব্য নিয়মীয়াকৈ সেৱন কৰে।
  • ৫,০০০ অধিক লোক নিচাজাতীয় দ্ৰব্য সেৱন কৰি মৃত্যুক সাৱটি লয় আৰু হাজাৰৰো অধিক লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হয়।
  • ৫,০০০ শিশুক তেওঁলোকৰ পিতৃ-মাতৃ বা ককা-আইতাকে হত্যা কৰে।
  • ১৫০,০০০ সংখ্যক শিশু অপহৰণৰ এজাহাৰ দাখিল হয়।
  • ৭০০,০০০ সংখ্যক মহিলা ধৰ্ষিতা হয়, প্ৰত্যেক ৪৫ ছেকেণ্ডত এজনীকৈ।
  • ৩১,৪৫০,০০০ লোকে মাৰিজোৱানা সেৱন কৰে, ইয়াৰ ভিতৰত ৩,০০০,০০০ লোকে বেছি পৰিমানে সেৱন কৰে।
  • ৩৭,০০০,০০০ বা প্ৰত্যেক ছজনৰ ভিতৰত এজন আমেৰিকানে নিয়মীয়াকৈ মানসিক ভাৰসাম্য দৰৱ সেৱন কৰে আৰু ইয়াৰ ব্যৱহাৰকাৰী বেছিভাগ মহিলা। এইবোৰ ডক্তৰে প্ৰেস্ক্ৰাইব কৰে আৰু ফাৰ্মাচিটিকেল কোম্পানীবোৰে ইয়াৰ যোগান ধৰে, যিটো বহুত লাভজনক ব্যৱসায়।
  • ৫,০০০ সংখ্যক লোকে মানসিক চিকিৎসাত মৃত্যুক সাৱটি লয়।
  • ১৪,০০০ তকৈ বেছিসংখ্যক লোকে দৰৱৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত মৃত্যুমুখত পৰে।
  • ১,০০০,০০০ সংখ্যক ল’ৰা-ছোৱালী ঘৰৰ পৰা পলাই যায়, বিশেষকৈ পিতৃ-মাতৃ আৰু অন্যান্য আত্মীয়ৰ হাতত যৌন নিৰ্যাতনৰ বলি হয়।
  • ১০০,০০০ লোক বৃত্তিগত কাৰণত হোৱা ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।
  • ১৬০,০০০ লোক বহুমূত্ৰ ৰোগত মৃত্যু হয়।
এতিয়া এনে এখন মডেল ৰাষ্ট্ৰৰ অভিমুখে আমাৰ উন্নয়নক লৈ যোৱাৰ বাবে ৰাজনৈতিক নেতাসকলে নিৰন্তৰভাৱে প্ৰচাৰ চলাব ধৰিছে। তদুপৰি উন্নয়নৰ এনে স্বপ্ন পূৰণ কৰিবলৈ লক্ষ লক্ষ কোটি টকাৰ বৈদেশিক ঋণৰ যুক্তিযুক্ততাও প্ৰতিপন্ন কৰিব বিচৰা হৈছে। একে সময়তে ক’ৰ্পৰেট গোষ্ঠীবোৰৰ স্বাৰ্থত বায়ুমণ্ডল, জলৰাশি আৰু বন-জংঘল সকলো উন্মুক্ত কৰিব বিচৰা হৈছে। এনে উন্নয়নে আমাক আমেৰিকাত চলি থকা এই ঘৃণনীয় সত্যবোৰৰ মুখামুখি কৰাব নেকি– স্বাভাৱিকভাৱেই এইটো আজিৰ সময়ৰ এক সংগত প্ৰশ্ন।