গুৱাহাটী মহানগৰ দেশৰ অন্যতম কদৰ্য স্থানৰূপে পৰিগণিত হৈছে। কদৰ্যতাৰ কুখ্যাতি
গুৱাহাটীয়ে বহু আগতেই লাভ কৰিছে। গুৱাহাটীৰ সামগ্ৰিক পাৰিপাৰ্শ্বিক অৱস্থাৰ
অৱনতিৰ কথা স্বতন্ত্ৰীয়া সমাজকৰ্মীয়ে কেতিয়াবাই সোঁৱৰাই দিছে। মহানগৰখন পৰিষ্কাৰ
কৰি ৰাখিবলৈ চৰকাৰখনে ডাঙৰ ডাঙৰ আঁচনিও সময়ে সময়ে গ্ৰহণ কৰি আহিছে আৰু সকলোবোৰ
ফুটুকাৰ ফেনত পৰিণত হৈছে। বাৰিষা হ’লে জলবন্দী হৈ পৰে মহানগৰ। যোৱা প্ৰায় এসপ্তাহ ধৰি কৃত্ৰিম বন্যাৰ কবলত পৰি
একাংশ মহানগৰবাসীৰ জীৱনলৈ অৱৰ্ণনীয় যাতনা নামি আহিছে। পানী ক’ম হ’লে ৰাজপথৰ
ওপৰত পুতিগন্ধময় বোকা মাটি, জাবৰৰ তৰপ
পৰিব। নৰ্দমাৰে পানী ওলাই যাব নোৱাৰিব। পাহাৰৰ মাটি বৰষুণত বৈ আহি পথ ঢাকি পেলাব।
তদপুৰি প্ৰায় বিছ লাখ মহানগৰবাসীয়ে দৈনিক সৃষ্টি কৰা বিয়াগোম জাবৰ-জোঁথৰৰ অধিকাংশ
পেলোৱাৰ ঠাইতে নলা-নৰ্দমাসমূহ হোৱাৰ বাবে এই সমস্যা ক্ৰমান্বয়ে বাঢ়িব। কি কাৰণত
এই মহানগৰখন এক অস্বাস্থ্যকৰ বসতিস্থানলৈ পৰ্যবসিত হৈছে, সেই বিষয়ে আজিলৈকে চৰকাৰে গুৰুত্বসহকাৰে কোনো আলাপ-আলোচনা
চলোৱা নাই। কিছুমান আঁচনি গ্ৰহণ কৰি সেইবোৰ কাৰ্যকৰী কৰাৰ নামত ৰাজহুৱা ধনৰ শৰাধ
পাতিলে মহানগৰখন স্বাস্থ্যসন্মত স্থানলৈ পৰিৱৰ্তননহয়। সেই কথা বাৰম্বাৰ প্ৰমাণিত
হৈছে। এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত ঝাৰু লৈ মহানগৰবাসীৰ মাজত পৰিষ্কৰণ
সস্পৰ্কীয়দায়ৱদ্ধতা আৰু সজাগতা সৃষ্টি কৰিবলৈ ওলাইছিল। কিন্তু ঝাৰু মাৰি প্ৰতিটো
পৰিয়ালে এই জাবৰবোৰ ক’ত পেলাব? তাৰ যিটো উপায় চৰকাৰে দিছিল সেইটোও আনবোৰ চৰকাৰী আঁচনিৰ
দৰেই ফুটুকাৰ ফেন হৈ পৰিল। প্ৰতিঘৰ মানুহৰ পদূলিৰ মূৰত জাবৰ পেলাবলৈ ডাষ্টবিন ৰখা
হ’ব বুলি কৈছিল। সেইবোৰ চৰকাৰী চাফাইকৰ্মীয়ে লৈ যোৱাৰ কথা
আছিল। কথাবোৰ শুনিবলৈ সহজ যদিও কাৰ্যত এইবোৰ কিছুমান চমকপ্ৰদ প্ৰচাৰৰূপে পৰিগণিত হ’ল। কিছুদিন চাফাইকৰ্মীয়ে আৰু এতিয়া ডাঙৰ ডাঙৰ গাড়ী
কেইখনমানে জাবৰবোৰ তুলি নি ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰত পেলাবলৈ ল’লে। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ অনাবিল সৌন্দৰ্যনিমিষতে নিঃশেষ
কৰি সেই অঞ্চলটোকো এক দুগৰ্ন্ধময় স্থানলৈ পৰিৱৰ্তন কৰা হ’ল।
চৰকাৰৰ জনমুখী আঁচনি গ্ৰহণৰ মানসিকতা নাথাকিলে কোনো কামেই সঠিকভাৱে আগবাঢ়িব
নোৱাৰে। ঠিকাদাৰ-ব্যৱসায়ীক চহকী কৰা আঁচনিৰে মহানগৰ কেতিয়াও বাসোপযোগী হৈ নুঠে।
অজিকালি যান্ত্ৰিক যুগ। প্ৰযুক্তিবিজ্ঞানৰ যথেষ্ট উন্নতি হৈছে। এনে এক যুগত
গুৱাহাটী মহানগৰক জাবৰ-জোঁথৰ তথা অকাল বন্যাৰ পৰা মুক্ত কৰা অসম্ভৱ কথা নহয়। তাৰ
বাবে লাগিব চৰকাৰৰ প্ৰকৃত আন্তৰিকতা জনসেৱাৰ নিষ্ঠাভৰা আগ্ৰহ। মহানগৰৰ বুকুত জমা
হোৱা জাবৰ দৈনিক উলিয়াই নি কোনো নিৰ্দিষ্ট ঠাইত জমা কৰি বিজ্ঞনসন্মতভাৱে সেইবোৰ
নষ্ট কৰা বা ‘ৰিচাইকি্লং প্ৰচেচিঙ’ৰ জৰিয়তে তাৰ পৰা প্ৰয়োজনীয় সামগ্ৰীৰ সৃষ্টিৰ বাবে দৰকাৰী
অংশ উলিয়াই লৈ অলাগতিয়াল অংশ নষ্ট কৰাৰ বৈজ্ঞানিক উপায় এতিয়া নতুন নহয়। গুৱাহাটী
মহানগৰৰ ক্ষেত্ৰতো তেনেধৰণৰ প্ৰকল্প হাতত ল’ব পাৰি। ইয়াৰ সমান্তৰালভাৱে মহানগৰীৰ নৰ্দমাৰ ব্যৱস্থাটো সম্পূৰ্ণ নতুন ৰূপত
গঢ়ি তোলাৰ কথা চৰকাৰে ভাবিব পাৰে। কিছু বছৰৰ পূৰ্বে গুৱাহাটী মহানগৰ উন্নয়ন
প্ৰাধিকৰণে এখন ‘মাষ্টাৰলেন’ প্ৰস্তুত কৰিছিল। জনামতে কলিকতাৰ কোনো এটা সংস্থায়ো ১৯৭১
চনতে গুৱাহাটীৰ নলা-নৰ্দমাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছিল। কোনো অজ্ঞাত কাৰণত
সেইবোৰ আজি পৰ্যন্ত ৰূপায়ন নহ’ল। মহানগৰখন
পূবৰ্ৰ তুলনাত ডাঙৰ হৈছে। প্ৰয়োজন হ’লে ইয়াৰ ভৌগলিক পৰিসৰ অধিক বঢ়াই লৈ চৰকাৰে মহানগৰৰ পানী ওলাই যাব পৰা
পৰিকল্পনা হাতত ল’ব পাৰে। ইয়াৰ
বাবে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ’ল—¬অপৰিকল্পিতভাৱে গঢ়ি উঠা বসতিস্থান। ইয়াৰ লগতে চৰকাৰী ভূমিৰ
অবৈধ আগ্ৰাসন। চৰকাৰী ভূমি আগ্ৰাসনৰ ক্ষেত্ৰত ৰাজনৈতিক বা প্ৰশাসনিক পৃষ্ঠপোষকতা
থকাৰ অভিযোগ বিভিন্ন সময়ত পৰিলক্ষিত হয়। চৰকাৰে নিজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক
বিভিন্ন লাভালাভৰ বিনিময়ত চৰকাৰী ভূমিৰ আৱণ্টন দি জাবৰ জমা কৰা আৰু বৰষুণৰ পানী
নৰ্দমাৰে ওলাই গৈ জমা হ’ব পৰা
মহানগৰীৰৰ পুৰণি খাল-বিলসমূহো নোহোৱা কৰিলে। আনকি মহানগৰীৰ মাজেৰে আজিৰ পৰা আধা
শতিকাপূৰ্বেও স্বাভাৱিক গতিত অস্তিত্ব বিৰাজ কৰি থকা সৰু-বৰ নদী কেইখনো লুপ্তপ্ৰায়
হোৱাৰ পথত। মহানগৰত জনসংখ্যা বৃদ্ধি পাইছে, বৰ্ধিত জনসংখ্যাক থিতাপি লগোৱাৰ পৰিকল্পনা নোহাৱা বাবে প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে
নষ্ট হৈ পৰিছে। কেইদশকমানৰ পূৰ্বে এজন বিদেশী স্থাপত্যবিদে গুৱাহাটীৰ প্ৰাকৃতিক
গঠন প্ৰক্ৰিয়া দেখি কৈছিল যে পৰিকল্পিতভাৱে গুৱাহাটী মহানগৰখন গঢ়ি তুলিলে বিশ্বৰ
অন্যতম সুন্দৰ মহানগৰত পৰিণত হ’ব। প্ৰকৃতিৰ
অৱদানবোৰক নষ্ট নকৰি তাৰ মাজতেই অত্যাধুনিক প্ৰযুক্তিৰে যদি মানুহৰ চাহিদা পূৰণ
কৰিব পৰা ব্যৱস্থা কৰা যায়, তেন্তে
গুৱাহাটী মহানগৰ কেৱল সৌন্দৰ্যশালী হ’ব তেনে নহয়, এখন স্বাস্থ্যসন্মত
বাসোপযোগী মহানগৰলৈ পৰিণত হ’ব। কিন্তু
চৰকাৰৰ অৱহেলা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, ৰাজহুৱা ধনৰ লুণ্ঠন আদি কথাবোৰে লাখ লাখ মহানগৰবাসীৰ
বাসস্থান এই মহানগৰক ভৱিষ্যতৰ মৃত্যু উপত্যকাত পৰিণত কৰিছে। সময়ে কিন্তু কাকো
ক্ষমা নকৰে।