ক’ত শেষ এই হত্যা-হিংসাৰ?

ৰপেটাৰোডৰ ৰেলপথটো পাৰ হৈ ভূটানৰ দিশেৰে যোৱা মূল পথটোৰে পোন্ধৰ কিলোমিটাৰমান গৈ বাঁওহাতে বেঁকী নদীৰ পাৰতে হল নাৰায়ণগুৰি। বেঁকী নদীৰ পাৰৰ এক সুন্দৰ মনোৰম ঠাই। নৈসৰ্গিক চিত্ৰৰে ভৰপূৰ ঠাইডোখৰক মানুহে পিকনিক স্পট হিচাপেও ব্যৱহাৰ কৰি আহিছে। বেঁকী নদীৰ নিৰ্মল জলৰাশিয়ে দেহ-মন জুৰাইছে সকলোৰে। হঠাতে প্ৰকৃতিৰ নিজৰ্নতা ভংগ কৰি গৰজি উঠিল বন্দুক-বাৰুদে। মানৱতাৰ বধ্যভূমিত পৰিণত কৰিলে ঠাইডোখৰক।

বেঁকী নৈখন সেই ঠাইত তিনিটা বিভক্ত যেন তিনিটা বেলেগ বেলেগ নদীহে। নাৰায়ণগুৰিৰ মথাউৰিটো অকামিলা হোৱাত কিছু মিটাৰ দূৰত আৰু এটা মথাউৰি নিৰ্মাণ কৰা হৈছে। দুয়োটা মথাউৰিৰ মাজৰ সমতল ঠাইখিনিতে বজাৰ-সমাৰ বহে। নতুনকৈ দিয়া মথাউৰিৰ কাষতে এখন নৈ, তাৰ পিছত বালিচৰ, তাৰ পিছত আকৌ নৈ, তাৰ পিছত পুনৰ বালিচৰ আৰু তাৰ পিছত আৰু এখন নৈ। এই তিনি নম্বৰ নৈখনৰ সিপাৰৰ চৰটোতে ননকে খাগ্ৰাবাৰী গাঁও।  মে তাৰিখে তাৰ পুৰুষ সদস্যবোৰ বজাৰলৈ ওলাই আহে। সাধাৰণতে চৰ-চাপৰি অঞ্চলৰ পৰিয়ালবোৰত এইটোৱেই অভ্যাস। বিশেষকৈ পিছবেলা সময়ত পুৰুষ সদস্যসকল ঘৰত নাথাকে। বজাৰৰ ফালে ওলাই যোৱাটো তেওঁলোকৰ নৈমিত্তিক অভ্যাস। এই সুযোগ গ্ৰহণ কৰিয়েই হত্যাকাৰীহঁতে গাঁওখন আক্ৰমণ কৰিলে। দীৰ্ঘ সময় ধৰি গুলী চলিল, ঘৰ জ্বলিল। অসহায় নাৰী আৰু শিশুৰ ওপৰত চলিল অমানুষিক অত্যাচাৰ। অসহায় আৰু অসতৰ্ক অৱস্থাত আক্ৰমণ। সকলো ছেদেলি-ভেদেলি হৈ গল। কোন কলৈ গল তাৰ উৱাদিহ নাইকিয়া হল।

তিনিখন নৈৰ ইটো পাৰে প্ৰায় দুই কিলোমিটাৰ আঁৰত বজাৰত থকা মানুহখিনিয়ে গুলীৰ শব্দ শুনিছিল, দাও দাওকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাও দেখিছিল। কিন্তু কোন যাব তালৈ, কেনেকৈ যাব? নিজৰ পত্নী-পুত্ৰ-কন্যাৰ চৰম বিপৰ্যয় বুলি জানিও- কোনেও তৎকালে তালৈ যাবলৈ সাহ গোটাব নোৱাৰিলে। কিমান বা মানুহ, কিমান বা অস্ত্ৰ আৰু অভিপ্ৰায় বা কি? সেয়েহে বজাৰৰ কিছু সচেতন লোকে স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰিলে। প্ৰশাসনৰ সহযোগত নৈৰ সুঁতিকেইটা পাৰ হৈ তেওঁলোক ঘটনাস্থলী পালেগৈ। নৈৰ পাৰৰ সজীৱ-সুন্দৰ গাঁওখন শ্মশানৰ দৰে হৈ পৰিছে। পোৰা ঘৰবোৰৰ জুই তেতিয়াও অলপ অলপ জ্বলিয়েই আছে। ইতিমধ্যে সন্ধ্যাৰ আন্ধাৰ নামি আহিছে। গাঁওখনৰ কতো কোনো মানুহৰ কণ্ঠ নাই। মাজে মাজে দুই-এটা ঘৰ পোৰা বাঁহৰ শব্দ প্ৰশাসন আৰু জনতা লগ লাগি মছজিদৰ মাইকযোগে প্ৰচাৰ কৰিলে- আমি তোমালোকৰ উদ্ধাৰৰ বাবে আহিছোঁ, কোন কত আছা ওলাই আহা। কিছুসংখ্যক মানুহ ওলাই আহিল। ৰাতা-ৰাতি তেওঁলোকক পাৰ কৰোৱা হল।

পিছদিনা পুৱাৰ পৰা চলিল উদ্ধাৰ অভিযান। কাষৰ হাবিৰ পৰা বা লুকাই থকা বিভিন্ন স্থানৰ পৰা মানুহবোৰ লাহে লাহে ওলাই আহিল। একো একোটা শিশু অকলে অকলে গোটেই ৰাতি পথাৰৰ মাজত বহি থাকিল। কোনোবাটো বহি থাকিল পথাৰৰ মাজত থকা অস্থায়ী শৌচাগাৰতে। কোনোবা হয়তো হাবিৰ মাজত। ভাতৃ-ভগ্নী, পুত্ৰ-কন্যা স্বামী-স্ত্ৰী সকলো বিচ্ছিন্ন হৈ পৰিল। পুৱাহে ইজন-সিজনকৈ লগ লাগিল। তেওঁলোকক নাৱেৰে পাৰ কৰা হল অস্থায়ী শৰণাৰ্থী শিবিৰলৈ। লাহে লাহে আৱিষ্কাৰ হল নাৰী আৰু শিশুৰ মৃতদেহবোৰ।

অঞ্চলটোত বাস কৰিছিল সবৰ্মুঠ ৩১০জন মানুহে। তাৰে ১৫৫জন পুৰুষ আৰু ১৫৫গৰাকী মহিলা। মুঠ ৭১টা পৰিয়াল আৰু ৭৮টা ঘৰ আছিল। এই অমানৱীয় ঘটনাটোত ১৭গৰাকী মহিলা বাদেও দুজন জ্যেষ্ঠ পুৰুষকো হত্যা কৰা হৈছিল। আনহাতে কেইবাজনো লোক নিখোজ হৈছিল। তাৰে দুই-এটা মৃতদেহ পোৱা গৈছে যদিও দুই-এজনৰ এতিয়াও কোনো সম্ভেদ নাই। ৭৮টা ঘৰৰ ৭১টা সমপূৰ্ ভস্মীভূত হৈছিল আৰু টা ঘৰ আধাপোৰা হৈছিল।

লগ পাইছিলো ১১ বছৰীয়া মফিদুৰ ইছলামক। তেওঁৰ চকুৰ আগতে মাক মাইফুল নেছা আৰু  বছৰীয়া ভনীয়েক জয়গুন নেছাক গুলীয়াই মাৰিছিল দুৰ্বৃত্তহঁতে। ১১ বছৰীয়া লৰাটোৰ চকু দুটা ঘোলা কণীৰ দৰে হৈ পৰিছিল। কান্দি কান্দি তাৰ ভিতৰৰ চকুপানী বোধহয় শেষ হৈ গৈছিল। স্পন্দনহীন হৈ পৰিছিল সি। তথাপি তাক মৰম কৰি সুধিছিলোঁ ঘটনাটোৰ কথা। সি কৈছিল- যিবোৰ মানুহ আছিল তাৰে বহুকেইটা ফৰেষ্টৰ মানুহ আছিল। সিহঁতে আনকি আমাৰ ঘৰত পাণ-তামোলো খাইছিল। আহোঁতে-যাওঁতে আমাক মাতিছিল। কিন্তু সেইদিনা সিহঁতে কোনো কথা কোৱা নাছিল। খেদি খেদি মানুহবোৰক মাৰিছিল। পিছত আমি আন মানুহৰ মুখৰ পৰা শুনিছিলোঁ যে তাৰে দুজনমান ফৰেষ্ট বিষয়াই আগদিনা গাঁওখনৰ কোনোবা এজনৰ ঘৰত বোলে ভাতো খাইছিল। তাৎপৰ্যপূৰ্ণভাৱে ঘটনাস্থলীত আৱিষ্কাৰ হৈছিল ফৰেষ্ট বিভাগৰ বিভাগীয় বেল্টৰ মোহৰ আৰু পৰিচয়-পত্ৰ। আব্দুল হামিদ নামৰ লোকজনৰ ভাইবোৱাৰীয়েকৰ মৃত্যু হেছিল। তেওঁ প্ৰাণৰ ভয়ত পলাইছিল। তেওঁৰ চাহিনা খাতুন আৰু জেছমিন খাতুন নামৰ দুগৰাকী কন্যা তেওঁৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। গোটেই নিশা পথাৰৰ মাজত কটাই পিছদিনাহে পৰিয়ালটো লগ লাগিছিল। চাহিনা, জেছমিনহঁতে আনকি তিনিজন লৰাৰ নামো কৈছে। সিহঁতে সদায় দেখি থকা লৰা। নাম পৰ্যন্ত ভালদৰে জানে।

আমি ঘটনাস্থথলীলৈ গৈ পোৱা এইখিনি তথ্যৰ লগতে এই কথাও কব লাগিব যে স্বাস্থ্যমন্ত্ৰীয়ে দম্ভালি মাৰি ফুৰে যদিও এই ব্যাপক অঞ্চলটোত কোনো স্বাস্থ্যকেন্দ্ৰ নাই। নাই ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা শিক্ষা অধিকাৰ আইন কেনেদৰে ব্যৱহাৰ হৈছে সেই কথা এনেবোৰ অঞ্চলেই প্ৰমাণ কৰে। আনহাতে বিশ্বৰ বিভিন্ন পণ্ডিতে কৈছে- জনসংখ্যা বৃদ্ধিৰ এটা ডাঙৰ কাৰণ হল- শিক্ষাহীনতা। গতিকে এনেবোৰ অঞ্চলত স্বাভাৱিকভাৱেই জনসংখ্যা বৃদ্ধি পাইছে আৰু মানুহৰ জীৱনৰ মান একেবাৰে নিম্নস্তৰলৈ অধোগামী হৈছে। এতিয়া আহোঁ আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়লৈ। যিসকল লোক এই হত্যালীলাৰ মুখামুখি হল তেওঁলোক পূবৰ্বংগীয় মূলৰ মুছলমান। আমাৰ সমাজ-ৰাজনৈতিক জীৱনত দীৰ্ঘদিন ধৰি প্ৰকট হৈ থকা বাংলাদেশী বিষয়টোৰ সৈতে এওঁলোকক সততে জড়িত কৰা হয়। আমাৰ স্পষ্ট মত হল- () তেওঁলোক যে বাংলাদেশী সেই কথা নিশ্চিত কৰা হওক আৰু তাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ ব্যৱস্থা কৰা হওক। () কোনো বিদেশী নাগৰিকৰ প্ৰতি যিদৰে আমাৰ কোনো সমৰ্থন নাই, সেইদৰে কোনো দেশীয় নাগৰিকৰ জীৱন বিপন্ন কৰাৰ ক্ষেত্ৰতো আমাৰ সমথৰ্ন নাই। () বিদেশীয়েই হওক বা স্বদেশীয়েই হওক, কোনো মানুহক এনেদৰে বৰ্বৰ আৰু নৃশংসভাৱে হত্যা কৰাটো কেতিয়াও কোনো সভ্য মানুহৰ বাবে গ্ৰহণযোগ্য হব নোৱাৰে।

তথাপি কিন্তু এনে ঘটনা ঘটিয়েই আছে। শেহতীয়াভাৱে বিটিএডি এলেকাত এনে ঘটনাই নৈমিত্তিক ৰূপ লৈছে। ঘটনাৰ কাৰণ হয়তো বেলেগ উদ্দেশ্যও বেলেগ। কিন্তু যিকোনো কাৰণতে এই লোকসকলক বাৰে বাৰে নিৰ্যাতনৰ বলি কৰা হৈছে। বিশ্লেষণ কৰিলে দেখা যাব যে চৰকাৰৰ নীতিহীনতাৰ বাবেই এনেবোৰ ঘটনা আজি ৰাজ্যখনত তেনেই সাধাৰণ ঘটনা হৈ পৰিছে। চৰকাৰে সকলো ফালে উগ্ৰপন্থী দমনৰ নামত তেনে লোকসকলক বিশেষ সুবিধা প্ৰদান কৰিছে। তেওঁলোকৰ হাতত অবৈধ অস্ত্ৰ থকাটোও আওপকীয়াকৈ অনুমোদন দিছে আৰু এনেদৰে সমস্যা বঢ়াই তুলিছে।

এতিয়া আহোঁ থলুৱা জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নটোলৈ। অসমৰ সকলো থলুৱা জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। তেওঁলোকক যথোপযুক্ত আত্মনিয়ন্ত্ৰণৰ ব্যৱস্থাও দিব লাগিব। কিন্তু এই সকলোবোৰ কৰোঁতে সদায়েই মনত ৰাখিব লাগিব যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। গতিকে ভাৰতৰ এই সাংবিধানিক নীতিৰ প্ৰতি সকলো দায়বদ্ধ হব লাগিব। কিন্তু কেৱল চৰকাৰ গঠনৰ ৰাজনীতিৰ বাবেই একোটা জনগোষ্ঠীৰ কিছুমান লোকৰ সকলো অগণতান্ত্ৰিক কাম-কাজ নিৰ্বিবাদে মানি থকাটো কোনো কাৰণতে গ্ৰহণযোগ্য হব নোৱাৰে। আজি বড়োসকলৰ মাজতো বেছিভাগ মানুহেই শান্তি-সম্প্ৰীতি বৰ্তি থকাটো বিচাৰে। কোনো কাৰণতে তেওঁলোকে এনে হত্যা-হিংসাক সমৰ্ নকৰে। আনকি আজি পৰিস্থিতি এনে হৈছেগৈ যে থলুৱা লোকৰ সুৰক্ষাতো দূৰৰে কথা, কিছুমান নিৰ্দিষ্ট এলেকাৰ বড়ো লোকেও আতংকত দিন কটাইছে। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ আগতেই নিজৰ পুত্ৰ-পৰিবাৰক আন ঠাইলৈ স্থানান্তৰ কৰিছে। এনে দুৰৱস্থা নিশ্চয় গ্ৰহণযোগ্য হব নোৱাৰে কিন্তু চৰকাৰে তথাপি কঠোৰ স্থিতি গ্ৰহণ নকৰে কিয়? কাৰণ চৰকাৰৰ সাধাৰণ মানুহৰ জীৱনৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁলোকৰ সম্পৰ্ক একমাত্ৰ চৰকাৰ গঠনত সহায় কৰিব পৰা কেইজনমান নেতাৰ লগত। এই দৃষ্টি সলনি কৰিব লাগিব। চৰকাৰৰ এনে ভুল নীতিৰ বাবেই আজি বিটিএডিৰ ৰাজনীতিত বড়ো-অবড়োৰ দৰে এক সৰ্বনাশী ৰাজনীতি আৰম্ভ হল। এই প্ৰৱণতা কোনো কাৰণতে শুভ নহয়। সমাগত দিনত ই এই সমাজখনত স্পষ্ট মেৰুবিভাজন ঘটাব। সেইবাবেই আমি সকলোৱে চেষ্টা কৰিব লাগে, যাতে আমি গণতন্ত্ৰ আৰু মানৱতা বিধ্বস্ত নোহোৱাকৈ সমাজখনক আগুৱাই নিব পাৰোঁ। এই দায়িত্ব এতিয়া ৰাইজেই কান্ধ পাতি লব লাগিব।